পৃষ্ঠা:নিবেদন.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰম-পাশ।

মৰিলে কাণত যদি একোকে নেবাজে,
 একো ছঁয়া নপৰে চকুতো,
হৃদয়ৰ ভাব তাপ সিও যদি যায়,
 সুখ তেন্তে নাই মৰণতো।

মৰম-পাশ।

মৰিব লাগিব যদি অৱশ্যে মৰিম,
 নোৱাৰো এৰাব তাৰ হাত,
অন্ত হ’ব সিমানতে পৃথিবীৰ সুখ,
 একো মোৰ দুখ নাই তাত,
নাই ভবা, মোৰ এই কোমল শৰীৰ
 লয় পাব, পৃথিবীৰ গাত।

বহুত কাৰণে মই মৰিব নোখোজোঁ,—
 মোহ মোৰ লাগে ধৰালই,
পুৱা উঠি নেদেখিম সূৰ্য্যৰ পোহৰ
 চকুজুৰি জাপ গ’লেগই,
গাই থকা আকাশত দেৱতাৰ গীত
 নোসোমাব মোৰ কাণলই।