পৃষ্ঠা:নিবেদন.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিবেদন।

কিন্তু মোৰ দেহ হ’লে সদাই থাকিব,
 আন পিনে ক’লকো নেযায়;
হ’ব পাৰে ৰূপান্তৰ চকুৰে নেদেখা,
 সেই বুলি ক’তো নেহেৰায়।

মৰাৰ পিচত।

মৰিলে পামনে দেখা তৰা আকাশৰ,
 শস্যেৰে শোভিত বসুন্ধৰা,
বিস্তৃত জগত খনি আকাশে আবৰা,
 কেউপিনে আনন্দেৰে ভৰা?

পৃথিবীৰ গাত গজা কোমল বনত
 পৰি থকা কোমল নিয়ৰ,
মৰিলে পামনে দেখা বায়ুৰ মাজত
 গহীন চলন ডাৱৰৰ?

কাণেৰে শুনিম জানো প্ৰকৃতিত বজা
 শান্তিময় মোহিনী সংগীত,
তালত জিলীয়ে গোৱা মধুৰ মাতেৰে
 বিভুৰ যশস্যা পৃথিবীত?