সমললৈ যাওক

পৃষ্ঠা:নিবেদন.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
নিবেদন ৷


নাছিল চিনাকি কাৰো, লগ লাগি থাকি
 হইছিলো প্ৰাণৰ সমান,
আঁতৰিলোঁ দুয়ো আমি, বিধিয়ে কৰালে,
 কি কৰিবা বিধিৰ বিধান!

নেদেখিম বেথা লগা বদন তোমাৰ,
 নুশুনিম মনমোহা মাত,
তেও বুলি পালে হ’লে তোমাৰ আখৰ
 দুয়োটিকে লগ পাম তাত।

বহুত মনৰ কথা মনতে থকিব
 কবলই তুমি নাইকিয়া,
নোৱাৰি সকলো কথা চিঠিত লিখিব,
 নিলগত আমি নিলগীয়া।

হৃদয়ৰ ‘কেমেৰাত’ যিটি সাঁচ আছে
 সেই সাঁচ চিৰস্থায়ী ৰ’ব,
কল্পনা-পটত তাৰ ছবি চাবি ললে
 এখন্তক, বেজাৰ গুচিব।

সেইদৰে হৃদয়ৰ ‘ৰিকৰ্ড’ খনিত
 অঁকা আছে সঙ্গীত তোমাৰ,
কল্পনাৰে মাজে মাজে তাকেই বজাই
 ভুঞ্জিম আকৰ অমিয়াৰ।