পৃষ্ঠা:নিবেদন.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
কণা ল‘ৰা ৷

নেদেখে চকুৰে নাই দেখা কেতিয়াও,
তেও বুলি খোজকিটি ঠিকে ঠিকে পৰে;
গাৰী ঘোৰা কেনি আহে নেদেখে যদিও,
উমানতে বাট পথ ঠিকে ঠিকে ধৰে।

নাই দেখা কেতিয়াও বেলিৰ পোহৰ,
তৰা জিলিকনি নাই দেখা আকাশত,
নাই দেখা পখিলাৰ তিৰ্‌বিৰ্ পাখি,
মানুহৰ মৃদু হাঁহি ওঠৰ মাজত।

চকুহীন,—সেইবাবে বিশ্ব-বিধতাই
দুটি গুণ লৰাটিক দিছে সৰহাই,
মধুৰ মাতত পাৰে মোহিব জগত,
বিনন্দীয়া ৰঙ্ ভাব সদাই মনত।

শুনে যদি কেতিয়াবা বতাহৰ মাত,
গম পালে উৰি যোৱা এজাক চৰাই,
নৈৰ পানীয়ে আহি কোবালে গৰাত
থিৰ ভাব লৰাটিৰ কেনিবাদি যায়।