পৃষ্ঠা:নিবেদন.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
নিবেদন৷

গীত আৰু ছবি।

কোনেও সেইটি গীত ভাল নুবুলিব
 যিটি গীত বুজাইহে বুজে,
কোনেও সেইটি ছবি ভাল নেদেখিব
 যাৰ মোল আটায়ে নুবুজে।

যিটি দেখি সকলোৱে একে ৰং পায়,
 জগতৰো উপকাৰ হয়,
সিহে পায় নিজে নিজে আলাসত ঠাই,
 সকলোৱে ভাল বুলি কয়।

যিমান নুবুজা হওঁ তথাপি শুনিলে
 ভাল গীতে হৃদয় গাব,
যিমান নজনা হওঁ চকুত পৰিলে
 ভাল ছবি মনত সোমাব।

সদাই চকুৰে দেখা গছ-পাতটিও
 ছবিটিত ভাল হৈ পৰে,
সদাই কাণেৰে শুনা সৰু কথাটিও
 গীত হ‘লে প্ৰাণ টানি ধৰে।

মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ,
 নাই মৃত্যু অজৰ অমৰ,
য’তে পৰে ত’তে গজে, বিভিন্ন আকাৰ,—
 ঠাই বুজি দীঘল ডাঙ্গৰ।