পৃষ্ঠা:নিবেদন.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
মানুহৰ গুণ।

মানুহৰ গুণ।

বহুত ভাবুকে বহুত ভাবিছে
 বহু ৰূপে ভাজি পাতি,
জন্তুৰ লগত কিহৰ কাৰণে
 অমিল মানুহ জাতি।

আহাৰ টোপনি আছে সকলোৰে,
 অধিক মাথোন জ্ঞান;
জ্ঞানৰ কাৰণে জন্তুৰ মাজত
 মানুহৰ এনে মান।

জন্তুৰ মাজত মানুহে মাথোন
 কথা ভাবি চাব পাৰে;
বিবেচনা শক্তি মানুহৰ মাথোঁ।
 নাই কিন্তু সকলোৰে।

মুখৰ হাঁহিৰে মনৰ আনন্দ
 মানুহে বুজনি দিয়ে;
মানুহৰ গাত নানা বিশেষণ
 আঁৰিছে নানা মুনিয়ে।

ভাবি চালে হ’লে মানুহ জাতিত
 আৰু এটি গুণ পায়,—
পাপ কৰা শক্তি আছে মানুহৰ
 ইতৰ জন্তুৰ নাই।