পৃষ্ঠা:নিবেদন.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
নিবেদন।

আমাৰ নিয়ম।

যেতিয়া ৰঙ্গেৰে তুমি থোজ কাঢ়ি ফুৰা
 ঠন ধৰ বনৰ ওপৰে,
ভাবা তুমি বহু কথা, গচকি নো কাক
 গই আছা মনত নপৰে;
দুখ পায় ডুবৰিয়ে তোমাৰ খোজত,
নেখেলায় তেনে ভাব তোমাৰ মনত।

ফুলৰ গৰাকী সেই ফুল গছ জুপি;
 ফুল ছিঙ্গা যেতিয়া গছৰ
চোৱানে এবাৰ ভাবি,—আছেনে তোমাৰ
 অধিকাৰ ফুল ছিঙিবৰ!
ফুল তুলি মনে মনে তুমি ভাল পোৱা,
কেনে পায় গছে তাক ভাবিও নোচাৱা।

নাই এনে বেয়া কাম ধৰাৰ মাজত
 যাক তুমি নোৱাৰা কৰিব,
তোমাৰ নিজৰ সুখ বঢ়াবৰ বাবে
 ক’তো একো বাকী নেথাকিব;
বহু গুণে পালি ফুৰে নিয়ম ধৰাৰ
সকলো প্ৰাণীয়ে, মাথোঁ বাহিৰে তোমাৰ।