পৃষ্ঠা:নিবেদন.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
নিবেদন।


হাঁহি আছা ওপৰত, তলত মানুহে
 তোমাৰ সাঁথৰ ভঙ্গা চাই;
ধন্য ধন্য যিসকলে বেলেগ বেলেগ
 সাঁথৰৰ অৰ্থ উলিয়ায়।


ভিক্ষা।

নেলাগে বসন্ত ধৰাত থাকিব
 থাকিলে মনত মোৰ
জীৱনত মোৰ নেলাগে সম্পদ
 থাকিলে মনত মোৰ;
শক্তি যেন পাওঁ বাৰিষাও মই
 বসন্তৰ ভোগোঁ সুখ,
বিপদতো পাৰ লাগে যেন ভাল
 নেপাওঁ এধানো দুখ।
পিন্ধো বা নিপিন্ধো পিন্ধা যেন মোৰ
 সদাই মনত লাগে,
খাওঁ বা নেখাওঁ মনৰ বলতে
 খাই থকা যেন লাগে;
বাহিৰত হোৱা ধুমুহা বতাহে
 নকঁপায় যেন মন,
মনত সততে নিৰ্ম্মল নিয়ৰ
 হয় যেন বৰষণ।