পৃষ্ঠা:নিবেদন.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
নিবেদন।


যথাৰ্থতে যিবা আমি হওঁ বা নহওঁ,
জীৱটিও প্ৰতিধ্বনি এটি পৃথিবীত,
সজাগ সকলো গুণ পুৰুষ-শিক্ষিত
প্ৰকৃতিত তেনে গুণ বিচাৰি নেপাওঁ।

বিশ্ব-ভাৱনা।

আমি নাচিব লাগিছোঁ গোটেই জীৱন
 কাৰ সুৰত নেজানো;
আমি গাবই লাগিছোঁ গোটেই জীৱন
 কাৰ গান নেজানো।

আমি মাটিৰ পুতলা নাচিব লাগিছোঁ
 কোনে নচায় নেদেখোঁ,
আমি কাৰবাৰ বাঁহী বাজিব লাগিছোঁ
 কোনে বজায় নেদেখোঁ।

আমি কাৰবাৰ গুণ গাবই লাগিছোঁ
 নিজকে নিজে পাহৰি;
আমি কাৰবাৰ কাম কৰিব লাগিছোঁ
 অলপো নাই আহৰি।