পৃষ্ঠা:নিবেদন.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
প্ৰতি-ধ্বনি।



প্ৰতি-ধ্বনি।

পালেহি জাহাজে আহি গুৱাহাটী ঘাট,
বজাই ৰঙ্গৰ শিঙ্গা অহাৰ বুজনি,
মাৰ গলে শিঙ্গা-মাত উঠে প্ৰতিধ্বনি
কেউপিনে বেৰি থকা পৰ্ব্বতৰ গাত।

গই থাকে প্ৰতিধ্বনি পৰ্ব্বতে পৰ্ব্বতে
জাহাজৰ শিঙ্গা আৰু নেবাজে যদিও;
ভাবি চালে পৰ্ব্বতৰ নিচিনা আমিও,
কাৰবাৰ প্ৰতিধ্বনি আমাৰ দেহতে।

পৰ্ব্বতত গীতে নিজে জনম নলয়,
লোকে গোৱা গানটিকে গুণ্ গুণ্ গায়;
আৰ-তাৰ পৰা পোৱা জ্ঞান মিহলাই
আমিও নিজৰ বুলি দিওঁ পৰিচয়।

যেনে শুনে তেনে দৰে পৰ্ব্বতে বজায়,
আমি হ'লে মিহলাওঁ নিজৰ ভাবেৰে;
ভাঙ্গি-ছিঙি চালে হ'লে পাবা একেদৰে
নিমিহলে যিমানে মানুহে মিহলায়।

ওপজোঁতে পৰ্ব্বতৰ দৰে একো নাই,
শিকিলোঁ লোকৰ কথা নিজে বয়সত;
জাহাজে সজাগ কৰা মৰা পৰ্ব্বতত;
বজাৰ নিচিনা শিঙ্গা আহিছোঁ বজাই।