পৃষ্ঠা:নিবেদন.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
নিবেদন।


হাঁহি থকা মুখ খনি আৰু নেদেখিলোঁ
 মাৰ গ‘ল সাৰ পাওঁতেই,
চাঁত কৰে আঁতৰিল,—ভাৱনাৰ মুখা
 ভাগি গ’ল চাই থাকোঁতেই।

সাৰ পাই হেৰুৱালোঁ স্বপ্নৰ ছবিটি,
 সাৰ পোৱা অতি নিদাৰুণ;
অনিশ্চিত এৰি তেও নিশ্চিতকে পালোঁ,
 মানি ললোঁ সেয়ে এটি গুণ।

মৰণ তুমিও জানো অনিশ্চিত এৰি
 দিবা কিবা নিশ্চিত জীৱন?
বুজিব নোৱাৰি এই প্ৰশ্নৰ উত্তৰ
 সদাই অশান্তি মোৰ মন।

সংশয়।

জানো যদি আতমাৰ অনন্ত জীৱন
 মৰণেও নোৱাৰে ঢুকাব,
কিয় ভয় লাগে তেন্তে মৰণৰ বাবে
 খোজোঁ আমি মৰণ এৰাব?