পৃষ্ঠা:নিবেদন.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সংশয়।


নিৰ্ভয় চিতেৰে কোনে পাৰে পৃথিবীত
 মৰণৰ ওচৰ চাপিব,
সাধুৰ কাহিনী মাথোঁ কল্পনাৰ কথা,
 কোনে তাক নিজে আচৰিব?

সকলো ধৰ্ম্মই নিতে শিকাব লাগিছে
 মৰণৰ ভয় এৰাকেহে;
কিন্তু ক’তা, তাৰ একো ফল ধৰা নাই
 ভয় কৰে আটায়ে তাকেহে।

হেজাৰ মুখেৰে কওঁ,—মনৰ মাজত
 সদাই সংশয় লাগি আছে,—
কি হয় নেজানো ঠিক এই আতমাৰ
 জীৱনৰ মৰণৰ পাচে।

কোনো এটি ভাবে নাই থকা পৃথিবীত
 চিৰকাল থিতাপি লগাই,
স্বাধীন চিন্তাৰ সোঁত সদাই বলিছে
 ভেঁটা দিয়ে এনে কোনো নাই।