পৃষ্ঠা:নাম-মালিতা.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এহিমানে তোম্গাৰ কৰ্ত্তব্য তাপোধন।
আনয়ায়ে হইবো সৰ্ব্ব পাপো বিমোক্ষণ॥
নপাইবে তোমাক সংসাৰৰ একো দুঃখে।
পৰম মুকুতি পদ লভিবাহা সুখে॥৪২২
আত অনন্তৰ শুনা সমাজিক জন।
মহেশক প্ৰতি ভগৱন্তৰ বচন॥
দুনিয়োক শম্ভু তুমি হুয়া সাৱধান।
তোমাৰ আগত মঞি কহোঁ বিদ্যমান॥৪২৩
পৰম গোপনী ইটো মোৰ কৃষ্ণ নাম।
ই সি মহা মৃত্যু সঞ্জীৱনী অনুপাম।ষ
ধৰিয়ো চিত্তত তুমি বচন আহ্মাৰ।
কহিলো তোহ্মাত সত্যে বেদ তত্ত সাৰ॥৪২৪।
এহিমানে থৈলো ইটো কৃষ্ণ বাক্য চয়।
সৌৰ ধৰ্ম্মোত্তৰত শুনিয়ো যেন কয়।
নাম তাৰ মণ্ডুক দানৱ এক জন।
তাহক সম্বোধি সুৰ্য্য বোলন্ত বচন॥৪২৫
ভগৱন্ত ঈশ্বৰৰ নামক কচ্চিত।
নকৰিলি কীৰ্ত্তন আনন্দে দিযা চিত্ত॥
সংসাৰ চক্ৰত সিটো হৰিৰ কীৰ্ত্তনে।
মৃত্যুৰ মুখৰ মুক্ত কৰয় তেখনে॥৪২৬
এহিমানে থৈলেহোঁ সূৰ্য্যৰ বাক্য যত।
শুনা যেন কহে আৰু ভবিষ্যোত্তৰত॥


সূৰ্য্যৰ প্ৰণীত — সৌৰ।