পৃষ্ঠা:নাম-মালিতা.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কায় বাক্যমনে অতি পুৰুষে যতেক।
অনেক দুষ্কৃত্য কৰ্ম্ম কৰিছে প্ৰত্যেক॥৪২৭
ৰাম ৰাম বুলি কৰি সম্যকে কীৰ্ত্তন
সিটো পাতকক সদ্যে হোৱয় মোচন॥
কোটি অসংখ্যাত পাপ আছে পুৰুষত।
যদি অল্প হোৱে পাপ যদিবা বৃহত॥৪২৮
হৰিনাম কীৰ্ত্তনত সিো পাপ চয়।
পুনৰপি আৰ পুৰুষক নৰাধয়॥
জানি হৰি নামত কৰিয়ো মাত্ৰ ৰতি।
বিষ্ণু ৰহস্যত আবে শুনিয়ো সম্প্ৰতি॥৪২৯
নামৰ মহিমা ব্ৰহ্মা কন্ত নাৰদত।
মাস উপাবাস বিধি কথা প্ৰসঙ্গত॥
বোলন্ত নাৰদ শুনা কৰিয়া উৎসুক।
শুদ্ধ চিত্তে যিটো জনে স্মৰয় বিষ্ণুক॥৪৩০
শৰীৰ তেজিয়া সিটো জন মহাশয়।
পাৱে গৈয়া সুখে হৰিলোক অনাময়॥
কহোঁ আৰু শুনিয়োক নামৰ মহত।
কৰে ধেনু দান কোটি সুৰ্য্য গ্ৰহণত॥৪৩১
কৰে কল্প বাস গঙ্গা প্ৰয়াগ জলত।
অযুতেক যজ্ঞ নৰে কৰে সুমহত॥
মেৰুৰ সমান কৰে সুৱৰ্ণক দান।
ই সবত নৰে ফল পাৱে যত মান॥৪৩২