পৃষ্ঠা:নাম-মালিতা.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ক্ষুদ্ধায়ে তৃষ্ণায়ে পীড়া কৰে আতিশয়।
সমস্তে পথত ভৰি পিছলি পৰয়॥৪১৬
ইসব প্ৰমুখ্যে আনো দুঃখ সমযত।
যিটো কৰে নামক কীৰ্ত্তন নিত্যাগত॥
তাহাৰ সম্বন্ধে হোন্ত কেশৱ প্ৰসন্ন।
জানা মহাভাগ কৈলোঁ স্বৰূপ বচন॥৪১৭
ক্ষুদ্ধায়ে পিয়াহে বাধে পিছলে পথত।
ইসব সময়ে হৰি কীৰ্ত্তন মুখত॥
সমস্ত অনৰ্থে শ্ৰীঘ্ৰে বিয়োগ হোৱয়।
নকৰিবা আত কিছু মনত সংশয়॥৪১৮
এহিমানে থৈলোঁ ইটো প্ৰসঙ্গ সংহৰি।
পূনৰপি শুনা চিত্ত সাবধান কৰি॥
নাৰদক ভগৱন্তে বুলিলা বচন।
শাস্ত্ৰ তাৎপৰ্য্য শুনিয়োক তপোধন॥৪১৯
দুৰ্গম পথত মহা দুৰ্ঘোৰ বনত।
নানা ক্লেশ আপদত সম্ভ্ৰম কালত।
শক্ৰৱে নিৰোধ কৰে নিগ্ৰহ অনেক।
ইসব প্ৰমুখ্যে আনো আছয যতেক॥৪২০
ইসব দুঃখত চিত্ত আনত নিদিব।
মোৰ নামে মোক মাত্ৰ কীৰ্ত্তন কৰিব॥
তুমিয়ো ইহাক জানি মাধৱৰ নাম।
ৰাত্ৰি দিনে কীৰ্ত্তন কৰিয়ো অবিশ্ৰাম॥৪২১