পৃষ্ঠা:নাম-মালিতা.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুখে গৈয়া বিদ্যাধৰ পদত পাৱয়।
অপেশ্বৰা গণে সমে আনন্দে ৰময়॥
বাসুদেৱ নাম কীৰ্ত্তন মনোৰম।
পৰম মাঙ্গল্য ইসে পূণ্য সৰ্ব্বোত্তম॥৪১১।।
ইহে বিনাশয় আতি সমস্তে পাপৰ।
মনুষ্যৰ আয়বৃদ্ধি কৰে নিৰন্তৰ॥
যত ৰোগ দুঃখ শোক ইসে কৰে হত।
জানি নাম কীৰ্ত্তনক কৰিয়ো সতত॥৪১২।।
সংসাৰৰ তিনি তাপে আৰ্ত্ত বিপৰিত।
নানা বিধ বিষাদে বিষণ্ণ অতি চিত্ত।।
বিষয়ৰ পৰাভৱ সদা নুগুচয়।
পৰম দুৰ্ঘোৰ ব্যাধি দুঃখত পচয়॥৪১৩।।
নাৰায়ণ শব্দ মাত্ৰ কীৰ্ত্তন কৰিয়া।
হোৱে সুখী নিৰন্তৰে দুঃখক তৰিয়া॥
জগতৰে ধাতা বাসুদেৱৰ কীৰ্ত্তন।
কৰে যিটো মহাজন সবে সৰ্ব্বক্ষণ॥৪১৪।।
শুনিয়োক নৰোত্তম থিৰ কৰি চিত্ত।
তাহাৰা সবক ব্যাধি নপাৰে বাধিত॥
যেনমতে জলে কৰে বহ্নি সংহৰণ।
আদিত্যে কৰয় যেন অন্ধকাৰ ছন্ন॥৪১৫।।
সেহিমতে হৰি নাম কীৰ্ত্তনে নিশ্চয়।
কলি পাপ সমূহৰ শান্তিক কৰয়॥