পৃষ্ঠা:নাম-মালিতা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৩ )

নাহিকে শৃঙ্খল গ্ৰন্থ অতি নিৰৰ্থক।
আৰ পদ কৰি কোনে মিলাইবে কৌতুক॥
তথাপিতো বিৰুপাক্ষ কাজিৰ বচনে
বিৰছিবো পদ যেন লোৱে মোৰ মনে॥ ১০॥
ইহাত অধিক দোষ নিদিবাহা মোক।
কৃষ্ণনাম গুণ শুনি সন্তোষ হুয়োক॥
থিৰ মন কৰি সবে দেখিয়ো বিচাৰি।
কলিত তৰিবে আৰ কোন পূণ্যে পাৰি॥ ১১॥
পৰম দুৰ্জ্জন কলি দুষ্ট দুৰাচাৰ।
কৰিলে মলিন চিত্ত সমস্ত প্ৰজাৰ॥
পাতকীৰ একো কৰ্ম্মে নাহি অধিকাৰ।
কৃষ্ণ নাম গায়া সুখে তৰোক সংসাৰ॥ ১২॥
নাম মালিকাৰ পদ কৰিবাক মনে।
নামৰ প্ৰসঙ্গ কহোঁ শুনা মহাজনে॥
আদি সত্যযুগে ধৰ্ম্ম আছিল নিৰ্ম্মল।
কৃষ্ণ নাম গুণ যশ পৰম মঙ্গল॥ ১৩॥
আছিল উপাস্য দেৱ কৃষ্ণেসে কেৱলে।
কৃষ্ণকেসে সেৱা মাত্ৰ কৰন্ত সকলে॥
যতেক মনুষ্য কৃষ্ণগুণ নাম গাই।
তৰিয়া সংসাৰ বৈকুণ্ঠত লয়ে ঠাই॥১৪॥
নাহি পাপলেশ সমস্তৰে শুদ্ধ চিত্ত।
উপজি মাত্ৰকে লোক হোৱে কৃতকৃত্য॥