পৃষ্ঠা:নাম-মালিতা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( 2 )

জানি কৃপাময় উপদেশ দিয়ো মোক।
তোমাৰ প্ৰসাদে আৰম্ভৰ সিদ্ধি হোক॥৪॥
কৃষ্ণৰ চৰণে নমস্কাৰ কৰি মনে।
কৰোঁ নমস্কাৰ নিজ গুৰুৰ চৰণে॥
সুপ্তপ্ৰায় আছিলেক মোৰ বুদ্ধি মন।
যাহাৰ কৃপাত ইটো ভৈল সচেতন।৷৫॥
হন গুৰু চৰণত কৰি নমস্কাৰ৷
মাধৱে ৰচিলা পদ নাম মালিকাৰ॥
পুৰুষোত্তম নামে নৰেশ্বৰ গজপতি।
তান আজ্ঞাপালি দ্বিজগণ মহামতি॥ ৬॥
পুৰাণ ভাৰত স্মৃতি আগমক চাই॥
নানা গ্ৰন্থ সংগ্ৰহ কৰিল এক ঠাই॥
কৃষ্ণ নাম মহিমা পাইলন্ত যত মান।
লিখি আনি সবাকো কৰিলা এক থান॥৭॥
ভৈল মগ্ন লোক কলি পাপ সাগৰত।
আসম্বাৰ মহাহিত চিন্তিয়া মনত॥
কৰিলন্ত কৃষ্ণনাম মহিমা প্ৰচাৰ।
আকে শুনি ভণি সুখে তৰোক সংসাৰ।৷ ৮॥
শুনা সভাসদ সবে বচন আমাৰ
মূঢ় হুয়া কৰো পদ নাম মালিকাৰ
ইহাত আমাক দোষ নিদিবা বিস্তাৰ।
ক্ষমাসে ভূষণ মহামহন্ত সবৰ॥ ৯॥