পৃষ্ঠা:নাম-মালিতা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪)

এতেকেসে সি কালৰ সত্যযুগ নাম।
সিকালৰ লোকৰ নাছিল আন কাম॥১৫।
কৃষ্ণ সেৱা বিনে ধৰ্ম্ম নাছিলেক আন।
কৃষ্ণেসে কেৱলে দেৱ উপাস্য প্ৰধান॥
নাম বিনে নাহি বৰ্ণাশ্ৰম একো বিধি।
কৃষ্ণৰ সেৱাত মহা সুখে সাধে সিদ্ধি॥ ১৬
প্ৰণব বিনায় নাছিলেক আন শাস্ত্ৰ।
নাহি আন কৃত্য নাম গুণ গাৱে মাত্ৰ॥
সত্য গুচি ভৈল ত্ৰেতা যুগ উপগত।
দেখি ব্ৰহ্মা আদি দেৱগণ আছে যত॥ ১৭।
একথান হয়া কৰিলন্ত আলোচন।
কৃষ্ণ বিনে আমাক নভজে একো জন॥
কৃষ্ণক ভজিয়া সবে সংসাৰ তৰয়।
কতেক কৰিবো একো সৃষ্টি নবাঢ়য়॥ ১৮।
কেনমতে কৃষ্ণৰ ভকতি হোৱে ছন্ন।
নতৰোক লোক হৌক সৃষ্টি প্ৰবৰ্ত্তন॥
হেনয় আলোচ কৰি যত দেবগণ।
নিৰন্তৰে কৰিলা কৃষ্ণক আৰাধন॥১৯।
দেবতাৰ ভকতি দেখিয়া নাৰায়ণ।
তুষ্ট হুয়া দেৱতাক দিলা দৰিশন॥
আশ্বাসিয়া সমস্তকে বুলিলা বচন।
মোৰ ভক্তি ছয় হৌক তোমাসাৰ মন॥২০।