পৃষ্ঠা:নাম-মালিতা.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনন্তৰে আক শুনিয়োক গাল বিত।
নামৰ মহিমা যেন হুয়াহে বিদিত॥৪০৫
হুয়া থাকে মুক্ত যদি ক্লেশ নিৰন্তৰে।
গৰ্ভৰোগ আদি যুক্ত হুয় থাকে নৰে॥
সৰ্ব্বপাপ যুক্ত হুয়া থাকে যিটো জন।
ইসবো কৰিয়া মুখে নামক কীৰ্ত্তন॥৪০৬॥
অনায়াসে সমস্ত দুঃখৰ এৰায় হাত।
পাৱে গৈয়া সনাতন ব্ৰহ্মক সাক্ষাত॥
অগস্তি সংহিতা নামে প্ৰস্থত কৃষ্ণৰ।
নামৰ শুনিয়ো যেন ফল মনোহৰ॥৪০৭॥
ভক্তি ভাৱে শ্ৰীৰাম চন্দ্ৰৰ নাম গুণ।
কৰয় কীৰ্ত্তন যিটো পুৰুষ নিপুণ॥
আছোক তাহাৰ আন কলান্তৰ।
পৰম মুক্তিক সিটো পাৱয় বাক্যৰ॥৪০৮॥
বিষ্ণু ধৰ্ম্মোত্তৰ শাস্ত্ৰে প্ৰথম কাণ্ডত।
হৰি কীৰ্ত্তনৰ ফল কহে যত যত॥
তাক থিৰ মনে শুনা সভাসদ লোক।
বাৰ যেন যত ইচ্ছা ফল সিদ্ধি হোক॥৪০৯॥
পশু ৰামে প্ৰশ্ন কৰিলন্ত মহেশত।
শুনিয়া মহেশ কন্ত তাহান আগত॥
শুনিয়ো পৰশুৰাম থিৰ কৰি মন।
ভক্তি ভাৱে ঈশ্বৰক কৰন্তে কীৰ্ত্তন॥৪১০॥