পৃষ্ঠা:নাম-মালিতা.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰম পদকো গৈয়া পাৱয় পাচট।
সুৰজিত কীৰ্ত্তনৰ কহিলো মহত॥
যিটোজনে কৰি জানা হৰিক আশ্ৰয়।
কৃষ্ণ কৃষ্ণ ৰাম বুলি কীৰ্ত্তন কৰয়॥৪০০॥
অসংখ্যত ৰাজসূয় যজ্ঞ ফল যত।
সমস্তকে পায়ে নৰে নাম কীৰ্ত্তনত॥
শ্ৰীৰাম চন্দ্ৰৰ গুণ নাম প্ৰতি নিতে।
ভক্তি ভাবে কীৰ্ত্তন কৰয় এক চিত্তে॥৪০১॥
তাহাৰ ফল কিবা কহিবো অধিক।
পাৱে বচনৰ সিটো একান্ত শুদ্ধিক॥
আৱে লীলাবতীত শুনিয়ো মহাজন।
কূৰ্ম্মধ্বজৰ প্ৰতি খাণ্ডিত্য বচন॥৪০২॥
কৃষ্ণ কৃষ্ণ কীৰ্ত্তন কৰন্তে অভিশয়।
কহোঁ তাত হন্তে যেন ফলক পাৱয়॥
পিতৃ বধ ৰাজ বধ যদি কৰে নৰে।
মহা পাপ সুৰাপান গুৰু ভাৰ্য্যা হৰে॥৪০৩॥
ইসব পাপত মুক্ত হোৱয় সাক্ষাত।
নকৰিবা মনে কিছু সংশয় ইহাত॥
আছে যত কোটি কোটি পৰম দুষিত।
যিটো মনুষ্যত আসি হোৱে উপস্থিত॥৪০৪॥
ৰাম নাম কীৰ্ত্তন কৰিয়া সুখে মৰে।
অনায়াসে সমস্তে দুষিক দূৰ কৰে॥

৬ (ক