পৃষ্ঠা:নাম-মালিতা.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৭৬ ﴿

মনুষ্যৰ মধ্যে পৰম পাপীষ্ঠ।
নৰকত সাক্ষাতে পৰিব নিষ্টে নিষ্ট॥
জানি নামে অৰ্থ বাদ তেজি মহাজন।
নকৰি সংশয় নাম কৰিয়ো কীৰ্ত্তন॥
এতক সংসাগে তৰি সুখে পাইবা গতি।
বৈশ্বানৰ সংহিতাত শুনিয়ো সম্প্ৰতি॥
ভগৱন্ত নামত মহিমা আছে যত।
সিসব মহিমা কথনৰ প্ৰস্তাবত॥
শ্ৰুতশৰ্ম্মা নৃপতিৰ আগে অতিশয়।
প্ৰবোধ বচন চন্দ্ৰ শৰ্ম্মায়ে বোলয়॥
শুনিয়ো নৃপতি মোৰ বচন সাক্ষাত।
হৰিৰ নামৰ কহো মহিমা তোমাত॥
হৰিনাম কীৰ্ত্তনেসে ধৰ্ম্ম সৰ্ব্বোত্তম।
নাহি কাল দেশ পাত্ৰ ইসব নিয়ম॥
নাহি লামে শৌচাশৌচ নিয়ম যতেক।
কেৱলে নামক মুখে উচ্চাৰি প্ৰত্যেক॥
ৰাম ৰাম বুলি কৰি সম্যক কীৰ্ত্তন।
এতেকে মুকুত হোৱে যেই সেই জন॥
ভক্তিভৱে কৃষ্ণ কৃষ্ণ বুলি যিটোজন।
নিতে ৰাত্ৰি দিনৈ কৰে মুখত কীৰ্ত্তন॥
কোটি কোটি মহাপাতকত মুক্ত হয়।
পৰম পাৰ্থিব হুয়া সংসাৰ তৰয়॥