পৃষ্ঠা:নাম-মালিতা.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৭৭ ﴿

কোটি জন্মাৰ্জ্জিত পাপ যতেক আছয়।
সবাৰো ঔষধে শান্তি জানা মহাশয়॥
হৰিনাম কীৰ্ত্তনৈসৈ ঔষধ প্ৰধান।
আছো আন কৰে তব ব্যাধিকো নিৰ্জ্জান॥৬৭৮॥
ৰামৰ মহিমা ইটো কহিলো সাক্ষাত।
আত পৰে শুনিয়োক সুশ্ৰুত সংহিতাত॥
দ্বাৰকাৰ পতি কৃষ্ণ দেৱ কৃপাময়।
কৃষ্ণনাম তাহান প্ৰধান অতিশয়॥৬৭৯॥
এতেকেসে কৃষ্ণ কৃষ্ণ বুলি শুদ্ধ মনে।
বাবা সৰে শ্ৰদ্ধায় সুমৰি সৰ্ব্বক্ষণে॥
বালক সকলো যদি কীৰ্ত্তন কৰয়।
জিনয় সংসাৰ ইটো জন্ম মৃত্যু ভয়॥৬৮০॥
কাত্যায়ন সংহিতাত শুনা কৰি মন।
হৰিনাম কীৰ্ত্তনৰ যিমত লক্ষণ।
নাম কীৰ্ত্তনত যত পুণ্য উপজয়।
সংসাৰ তাৰক ইটো পৰম অক্শয়॥৬৮১॥
সিটে। মহাপুণ্যগণ যিটো নলঞ্চিল।
জানিবা নিশ্চয় তাক বিধিয়ে বঞ্চিল॥
নানা ব্যাধি যুক্ত হুয়া ঘোৰ সংসাৰত।
ফুৰিবেক তাৰা সবে জন্ম শত শত॥৬৮২॥
হৰিৰ নামত অৰ্থ বাদ অতিশয়।
যিতো কৰে ইহাক মনত সভাসয়॥