পৃষ্ঠা:নাম-মালিতা.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৭৯ ﴿

অনন্ত নামক যিটো মুখে উচ্চাৰয়।
গোবিন্দ নামক সদা কীৰ্ত্তন কৰয়॥
সমস্তে ৰোগত সিটো মুকুত হোৱয়।
দুৰ্ল্লভ মুকুতি পদ পাচত পাৱয়॥৩৮৯॥
নাম কীৰ্ত্তনৰ ফল কহিলো সাক্ষাত।
শুনা অনন্তৰে বৈশম্পায়ন সংহিতাত॥
দিয়া অসংখ্যাত তুলা পুৰুষ দানক।
তাত হন্তে নৰে পাৱে যিমত ফলক॥৩৯০॥
হৰিনাম সংকীৰ্ত্তন কৰি মুখে নৰে।
সিটো ফল লভি মুক্ত হোৱে নিৰন্তৰে॥
গোবধ সুৰা পান পাপ অতিশয়।
যিটো পাপী নৰে কৰি থাকয় নিশ্চয়॥৩৯১॥
সিয়ো বাৰম্বাৰ হৰি নামক জপন্তে।
হোৱয় পবিত্ৰ সিটো পাতকত হন্তে॥
নামৰ প্ৰসাদে হোয়ে সাক্ষাতে মুকুত।
হৰিৰ সাযুজ্য পদ পাৱে অদভুত॥৩৯২॥
পাতঞ্জল সংহিতাত শুনা আত পাচে।
ঈশ্বৰ নামৰ যেন ফল কহি আছে॥
শস্যে সমে সম্পূৰ্ণ পৃথিবী কৰি দান।
তাত হন্তে নৰে ফল পাৱে যত মাম॥৩৯৩॥
সম্যকে কীৰ্ত্তন কৰি বাসুদেৱ নাম।
সদ্যে যিতো ফল পাৱে পুৰে মনকাম॥