পৃষ্ঠা:নাম-মালিতা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীকৃষ্ণো জয়তি॥

নাম-মালিকা।

—০—

জয় জয় কৃষ্ণ প্ৰভু প্ৰণত তাৰণ।
মাঙ্গলৰো সুমঙ্গল যাৰ গুণ গণ॥
যাৰ নামে কৰে মহা পাপকো নিস্তাৰ
হেন কৃষ্ণ পদে কৰোঁ কোটি কোটি নমস্কাৰ॥ ১॥
নমো নমো নাৰায়ণ জগত কাৰণ।
ব্ৰহ্মাদিয়ো সেৱা কৰে যাহাৰ চৰণ॥
মুকুত সকলো ফুৰে যাৰ নাম গাই।
হেন কৃষ্ণ চৰণত প্ৰণামো সদায়॥ ২॥
হে কৃষ্ণ কৃষ্ণ প্ৰভু তুমি কৃপাময়।
যাৰ কৃপালেশে মনোৰথ সিদ্ধি হয়॥
তুমিসে পৰম মোৰ গুৰু হৃষীকেশ।
কৃপাদৃষ্টি চায়া মোক দিয়ো উপদেশ॥৩॥
বাহিৰে ভিতৰে গুৰু তুমিসে কেৱল।
দূৰ কৰা ভৃত্যৰ যতেক অমঙ্গল॥