পৃষ্ঠা:নাম-মালিতা.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৬৪ ﴿

কীৰ্ত্তন কৰন্তে আতি বিষ্ণুৰ নামক।
যিটো পুৰুষৰ নুহি শৰীৰ পুলক॥
নাহিকে নেত্ৰত নিৰ নিমিলে হাৰৱ।
পৰম কঠিন সিটো বজ্ৰৰ সদৃশ॥৪০৬॥
তাহতে বশিষ্ঠ শতদ্যুম্ন সম্বাদত।
শুনি শতদ্যুম্নে বশিষ্ঠৰ বাক্য যত॥
শতদ্যুম্নে বচন বোলন্ত বশিষ্ঠক।
শুনিয়ে বশিষ্ঠ তুমি মোৰ বচনক॥৩০৭॥
বিষ্ণু নাম উকুত কৰন্তে কোনো জন।
যি কালত তাক তুমি শুনা তপোধন॥
ইটো সাপ শৰীৰ এৰিয়া সিকালত।
দাৰুণ স্বভাৱ ইটো তেজিবা সমস্ত॥৩০৮॥
সৰ্ব্বেশ্বৰ হৰিৰ নামৰ স্মৰণত।
হইবেক প্ৰক্ষিণ তযু পাপ আছে যত॥
পূৰ্ব্বৰ শৰীৰ তেবে পাইবা মুনিবৰ।
নাহি পুণ্য হৰিনাম স্মৰণত পৰ॥৩০৯॥
শতদ্যুম্ন বশিষ্ঠ সংবাদ ইটো থঞো।
শুনা তৈতে অপৰ সম্বাদ তাক কঞো॥
ভৃগু মহা ঋষিয়ে কহন্ত শৌনকত।
শুনিয়ো শৌনক হৰি নামৰ মহত॥৩১০॥
পাপ কৰ্ম্মে নৰ সবে পচে নৰকত।
তাৰা সবো কৰি হৰি কীৰ্ত্তন মুখত॥