পৃষ্ঠা:নাম-মালিতা.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬৫)

নাম কীৰ্ত্তনত হন্তে মিলে ভাগ্যোদয়।
পাপত নিস্তৰি সবে মুকুতি পাৱয়॥৩১১।।

তহিতে অপৰ শুনিয়োক মহাজন।
নাৰকীক প্ৰতি যেন পুষ্কৰ বচন॥
শুনিয়ো নাৰকী সৰ বচন আহ্মাৰ।
কহোঁ তোমাসাত সৰ্ব্ব শাস্ত্ৰ সাৰোদ্ধাৰ॥৩১২।।

পৰম দয়ালু দেৱ প্ৰভু নাৰায়ণ।
তান্ত পৰে[১] কত নাহিকে একো জ্ন।।
তান নাম একবাৰ কীৰ্ত্তন কৰন্তে।
এতেকে মুকুতি তাঙ্ক ভগবন্তে ।।৩১৩।।

তাঙ্ক তোৰাসবে নস্মৰিলা কিবা কাজে।
ভুঞ্জাহা নিকাৰ ঘোৰ নৰকৰ মাজে।
এথে কিবা কাৰ্য্য সাধে "হা-হা" কৰণত।
স্মৰা অহৰ্নিশে তোৰা বিষ্ণুক মনত।।৩১৪।।

নিশেষে দুৰিত যত হৰিষে হৰন্ত।
স্মৰণতে নাৰকীকো কৃতাৰ্থ কৰন্ত।।
জগতৰ পতিৰ নিৰ্ম্মল যত নাম।
ওহিতে কীৰ্ত্তন মঞি কৰো অবিশ্ৰাম।।৩১৫।।

নামৰ কীৰ্ত্তনে তোৰা সবৰ নিশ্চয়।
সাধিবে কল্যাণ আত নাহিকে সংশয়।।
শৌনকক সম্বুধি কহন্ত ভৃগু ঋষি।
শুনিয়োক মহাঋষি পৰম হৰিষি॥৩১৬

  1. কৃতজ্ঞ - উপকাৰৰ শলাগ লোৱা।