পৃষ্ঠা:নাম-মালিতা.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৬৩ ﴿

মধুসুদনক মুখে কীৰ্ত্তন কৰয়।
এতেকে সমস্তে তাৰ পাপ নাশ হয়।৩০০॥
শুনিলা সম্প্ৰতি ইটো নাম মহিমাক।
নন্দি পুৰাণত যেন কহে শুনা তাক॥
সৰ্ব্বদায়ে যাৰা সবে সমস্তে কালত।
কৰন্ত কেৱলে পাপ আছে যত যত॥৩০১॥
বিষ্ণুৰ কীৰ্ত্তন কৰি বিনাশি পাপক।
পাৱয় বিষ্ণুৰ গৈয়া পৰম পদক॥
বহ্ণি পুৰাণতো নাম মহিমা কহয়।
মহামহা ব্যাধি যুক্ত হুয়া আতিশয়॥৩০২॥
ৰাজাৰ দণ্ডত পীড়া পাবে আতিশয়।
আনো আনো দুখ নৰে যতেক পাৱয়॥
কৰিয়া কীৰ্ত্তন নৰে নাৰায়ণ বুলি।
নকৰে কাহাকে শঙ্কা মনত সমূলি॥৩০৩॥
ব্ৰাহ্মণৰ সৰ্ব্বস্বক যিজনে হৰয়।
হঠাতে ব্ৰাহ্মণে সুৰা পানক কৰয়॥
যিটো পাপী নৰ ব্ৰহ্ম বধ আচৰয়।
আত হন্তে যত মহা পাপ উপজয়॥৩০৪।.
বিষ্ণুনাম কীৰ্ত্তনক কৰন্তে নিশ্চয়।
সমস্তে পাপত সিটো মুকুত হোৱয়॥
শুনিয়োক পুনৰপি মহাজন চয়।
ইতিহাসোত্তনত কৰিছে যেন নয়॥৩০৫॥