পৃষ্ঠা:নাম-মালিতা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৶৹

শাস্ত্ৰ আদি ধৰি সেবা কৰি আছিলো। এতিয়া তোমাত অৰ্পনা কৰিলো আমাৰ এই “তান বস্তুলৈ উজান ৰাজ্যত ধৰ্ম্মপ্ৰচাৰ কৰাগৈ তোমাৰ বাক শুনি অসমে সমহব, অন্ধলাৰ চক্ষুহব, নিধনীৰ ধন হব, সদায় ভক্তবস্তু পাবা। এনে অমৃতময় বাণী শুনি আতা উজাই গৈ কমলাবাৰি সত্ৰপাতি নামমালিকা শাস্ত্ৰ থাপন কৰি ধৰ্ম্ম প্ৰচাৰ কৰিলে সেই দিনৰ পৰা এই শাস্ত্ৰখন সাধু মহন্ত সকলে পৰমভক্তি ভাবেৰে থানেসত্ৰে থাপনা স্বৰূপে ৰাখিছে। আমৰ স্বৰ্গীয় কাহিৰাম আতৈ বুড়াভকতে এই পুথিখন আমাক প্ৰকাশ কৰিব বাক্যবুলিছিল, তেখেতৰ পবিত্ৰ বাক্যত আৰু স্বৰ্গীয় আত্মাৰ তৃপ্তিৰ অৰ্থে আজি ইয়াকে আঞ্জলিত লৈ তৰ্পণ কৰিলো প্ৰভু শ্ৰীকৃষ্ণৰ কৃপায় সিদ্ধি হোৱা কৰ্ম্মৰ দ্বাৰা স্বৰ্গীয় আত্মাৰ তৃপ্তি হয় আৰু আমাক আনন্দ দিয়ে। এই পুথিৰ সম্পৰ্কে বড়পেটা স্থানৰ বহু পুৰণা সাচি পাতৰ এখন আৰু আন আন মহন্ত বাহাৰ দুই তিনিখন মিলাই শোধন কৰা হৈছে। সন ১৩৪৩| ৮ আঘন।

শ্ৰী আহোক ৰাম আতৈ বুঢ়াভকত