পৃষ্ঠা:নাম-মালিতা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

—0—

  শ্ৰীপুৰুষোত্তম গজপতি নামে এজন পৰম মহন্ত হিন্দু ৰজাই নানা দেশ দেশান্তৰৰ পণ্ডিত বিপ্ৰ সকলৰ সইতে তেখেতৰ পবিত্ৰ ৰাজ সভাত পুৰাণ ভাৰত, গীতা ভাগৱত আদি পুথিৰ শেষত নাম দিয়া শাস্ত্ৰ বিলাক আলোচনা কৰি সাৰতত্ত্বক জানি সিদ্ধান্ত কৰিলে যে একমাত্ৰ হৰি নামে প্ৰাণীসকলৰ মোক্ষৰ উপায়। এই থিৰ কৰি হৰি নাম মহিমা সংগ্ৰহ কৰি নামমালিকা নামে শাস্ত্ৰখন সংস্কৃত ভাষাত লিখে। মহাপুৰুষ মাধৱদেৱ যেতিয়া ভেলাৰ স্থানত আছিল কুছবিহাৰ ৰাজ্যৰ লক্ষিনাৰায়ণ ৰাজাৰ মুখ্য পাত্ৰ বিৰু কাজিয়ে এই পুথিখন মহাপুৰুষ মাধৱ দেৱক দি অসমীয়া ভাষাত অনুবাদ কৰবলৈ অনুৰোধ কৰাত শেষ জীৱনত এই গ্ৰন্থখন পাই পৰম আনন্দ পালে আৰু নানা অমৃতময় ছন্দেৰে অসমীয়া ভাষাত ভাঙ্গিলে। শেষ কালত উজনৰ পদ্ম আতাক লাগ পায় গাৰবদলি নামদি সেৱকক শুনাই কলে শ্ৰীশঙ্কৰ গুৰুজনে দিয়া জপৰমালা নামগোৱা মঞ্জুৰা তাল আমাৰ শেষ লিখনি নাম মালিকা