পৃষ্ঠা:নাম-মালিতা.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫২)

হৰিনাম কীৰ্ত্তনেসে   সমস্ত ৰোগক হৰে,
  কৰে দুষ্ট উপদ্ৰব যত।
যতেক আছয় ৰিষ্ট   সবাকে কৰয় শান্তি
 হবে দোষ আনো নানামত॥২৪৩॥
গঙ্গাৰ সমান তীৰ্থ   নাহিকয় পৃথিবীত
 নাহি দেৱ কেশৱত পৰ।
ৰাম কৃষ্ণ হৰি ইটো   ত্ৰিতয় নামৰ সম
 নাহি মন্ত্ৰ শোধক পাপৰ॥
ঈশ্বৰত ভক্তি যুক্ত   হুয়া ৰাম কৃষ্ণ হৰি
 নামক কীৰ্ত্তন সদা কৰে।
সমস্ত পাপত হন্তে   মুক্ত হুয়া মহাসুখে
 বিষ্ণু লোক পৱে সিটো নৰে॥২৪৪
হেনৰাম কৃষ্ণ হৰি   নামে আছে জগভৰি
 মুখে মুখে বচনো আছয়।
তথাপিতো নুসুমৰে   সংসাৰত জমিমৰে
 হসি বিপৰীত আতিশয়॥
যতলোক সমস্যাৰ   পদনাম মালিকাৰ
 শুনি মনে হয়োক সন্তোষ।
যাউক দুঃখচয় দূৰ   হৌক পাপ মসিমূৰ
 ঘনে ঘনে কৰা হৰিঘোষ।২৪৫॥

⸻⸻