পৃষ্ঠা:নাম-মালিতা.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পদ।

বৃহৎ বিষ্ণুপুৰাণত মহিমা নামৰ।
কহিলেক যেন শুনিলাহা নিৰন্তৰ॥
নৰসিংহ পুৰাণত যিমত কহয়।
কৰোহোঁ বেকত শুনা সভাসদ চয়॥২৪৬॥
পৰম ঈশ্বৰ দেৱ প্ৰভু মহেশ্বৰ।
আপুনি মহিমা কন্ত আপোন নামৰ॥
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি মোক যিটো নৰে।
পৰম শ্ৰদ্ধাই প্ৰতি দিবসে সুমৰে॥২৪৭॥
নৰকত হন্তে তাক কৰোহোঁ উদ্ধাৰ।
শুনিয়োক যেন মত পটন্তৰ আৰ॥
জলক ভেদিয়া যেন পদ্মবাজ হয়।
মোৰ নাম গ্ৰাহিক উদ্ধাৰোঁ সেহি নয়॥২৪৮॥
গোবিন্দ পুণ্ডৰীকাক্ষ নৰসিংহ নাম।
ত্ৰিবিক্ৰম সমে চাৰি নাম অনুপাম॥
যিজনে কৰয় মুখে সততে কীৰ্ত্তন।
হে কৃষ্ণ লৈলো মঞি তোহ্মাত শৰণ॥২৪৯॥
এহিমত ভক্ত ভৈল যিজন আহ্মাৰ।
সংসাৰ দুঃখত হন্তে কৰোহোঁ উদ্ধাৰ।
হে প্ৰভু দেৱৰো দেৱতা জনাৰ্দ্দন॥
তোহ্মাত শৰণাপন্ন ভৈলো নাৰায়ণ॥২৫০॥