পৃষ্ঠা:নাম-মালিতা.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিনাশি কৰ্ম্মৰ ফল   ভুঞ্জি ক্ষয় কৰি পুণু
 সংসাৰত পৰয় নিশ্চয়॥২৪০॥
ঈশ্বৰৰ বাসুদেৱ   নামৰ জাপ্যেসে জানা
 অতি মহাধৰ্ম্ম নিৰুপম।
সংসাৰ নিকাৰ বঞ্চে   অক্ষয় পুণ্যক সখে
 মুকুতিৰ বীজ অনুত্তম॥
কতেকেসে স্বৰ্গ পদে   বাসুদেৱ নাম জাপ্যে
 জানিবাহা মহত অন্তৰ॥
স্বৰ্গ হন্তে পৰে পুনু   বাসুদেৱ নাম জপি
 উত্তম মুকুতি পাৱে নৰ॥২৪১
ইসব প্ৰসঙ্গ থঞো   শুনা পুনৰপি কঞো
  ঈশ্বৰৰ নামৰ মহিমা।
যত পাপ হৰিবাক   পাৰয় হৰিৰ নামে
  কহি কোনে কৰিবেক সীমা॥
যেন মহা অগনিক   তৃণবনে নোজোতয়
  দহি ভস্ম কৰে নিৰন্তৰে।
ততেক পাতেক পাপী   কৰিবাক নপাৰয়
  হৰিনামে যত পাপ হৰে॥২৪২॥
অনন্ত শকতি নাম   ধৰ্ম্ম মাজে অনুপাম
 জানি আৰ নেৰিবা কীৰ্ত্তন।
আৰু যেন ফলান্তৰ   সাধৱ হৰিষ নামে
  শুনা তাক কৰি থিৰ মন।