পৃষ্ঠা:নাম-মালিতা.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫০ )

সৰ্ব্ব অৰ্থ শক্তি যুক্ত   দেৱৰো দেৱতা হৰি
  চক্ৰ যাৰ প্ৰকাশয়ে হাতে।
তান মনোহৰ নাম   যতেক কৰ্ত্তব্য কাৰ্য্যে
  নিয়োজন কৰিব সবাতে॥
অহৰ্নিশে যিটোজনে   পৰম আনন্দে মনে
  ৰাম ৰাম বুলিয়া জপয়।
কোটি এক কুল সিটো   মহাপাতকত হন্তে
  উদ্ধাৰিয়া স্বৰ্গক নিয়য়॥২৩৮॥
মহাপাপ যুক্ত হুয়া   অহৰ্নিশে সিটো নৰে
  হৰিনাম কীৰ্ত্তন কৰয়।
শুদ্ধচিত্ত হুয়া সিটো   মকুতি পদক যায়
  ইটো সত্য জানিবা নিশ্চয়॥
পুৰাণক বিচাৰিয়া   নামৰ মহিমা শ্লোক
  লিখিয়া কৰিলা একথাই।
পুৰাণৰ প্ৰসঙ্গক   সম্বৰি লিখিলা আৰু
  নানা উপপুৰাণক চাই॥২৩৯॥
প্ৰথমতে বৃহৎ বিষ্ণু   পুৰাণত যেন মত
  কহি আছে মহিমা নামৰ।
তাকথিৰ মন কৰি   হৰিক মনত ধৰি
  শুনা সমাজিক নিৰন্তৰ॥
হৰিনাম পৰি হৰি   নানা কৰ্ম্ম ধৰ্ম্ম কৰি
  যদি মৰে স্বৰ্গক পাৱয়।