পৃষ্ঠা:নাম-মালিতা.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৯ )


এক চিত্ত মনে তেৱে   গোবিন্দ নামক নিতে
 কীৰ্ত্তন কৰিয়ো বাৰম্বাৰ॥
সহস্ৰেক বাঙ্গপেয়   যজ্ঞৰ ফলক পাইবে
  যদি তযু মনে ইচ্ছা কৰে।
প্ৰভাতে উঠিয়া নিতে   গোবিন্দ নামক তেৱে
  কীৰ্ত্তন কৰিয়ো নিৰন্তৰে ২৩৫॥
গুৰু ভাৰ্য্যা হৰণত   নিজ মাতৃ গমনত
  সিজে মহাপাপ যত যত।
সিটো মহাপাপ সব   সমস্তে বিনাশ যায়
  গোবিন্দ গোবিন্দ কীৰ্ত্তনত॥
সাঙ্খ্য অষ্টাঙ্গ যোগে   কিবা কাৰ্য্য কৰিবাহা
  মুকুতিক যেবে আছে চিত্ত।
শুনিয়ো ৰাজেন্দ্ৰ তেৱে   গোবিন্দ নামক তুমি
  কীৰ্ত্তন কৰিয়ো প্ৰতিনিত।২৩৬
অভক্ষ ভক্ষণে পাপ   উপজে অযোগ্য দান
  গ্ৰহণত যত পাপ হয়।
শুনিয়ো নৃপতি তুমি   গোবিন্দ কীৰ্ত্তনে সিটো
 পাপ চয় হোৱয় প্ৰলয়॥
অম্বৰিষ শৌনকৰ   সম্বাদ সংহৰি থৈলোঁ
 কহি নানা নামৰ মহত।
শুনিয়োক আত পৰে   নামৰ মহিমা যত
 কহিছে ব্ৰহ্মাণ্ড পুৰাণত॥২৩৭॥