পৃষ্ঠা:নাম-মালিতা.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪৬)


নানাবিধ ফল শ্ৰুতি কহিলা নামৰ।
শুনিয়া নামত প্ৰবৰ্ত্তিব নিৰন্তৰ॥২২৫॥
সবে তেজি হৰিনাম কীৰ্ত্তন কৰিব।
ফল ভোগ কৰি সুখে সংসাৰ তৰিব॥
একোৱে বিঘিনি নাহি হৰিৰ নামত।
হৰিনাম কীৰ্ত্তনেসে বিঘ্নি কৰে হত॥২২৬॥
এতেকেসে জানা হৰি নামৰ কীৰ্ত্তনে।
কৰে ফল সিদ্ধি যাৰ যেন লৱে মনে॥
এতেকেসে মুনিগণে কৈলা নানা ফল।
শুনি মহাজনে আত নুহিবা বিকল॥২২৭॥
কৰিয়ো আনন্দে হৰিনামৰ কীৰ্ত্তন।
এহিমানে মাত্ৰ ভকতৰ মহাধন॥
জানি নাম মুখত নেৰিবা অবিশ্ৰাম।
কহয় মাধৱে ডাকি বোলা ৰাম ৰাম॥২২৮॥

ছবি।

মৎস্য পুৰাণত হৰি  নামৰ মহিমা কহি
 প্ৰসঙ্গ কৰিয়া সমাপত।
শুনিয়োক পুনৰপি নামৰ মহিমা যেন
 কহয় গৰুড় পুৰাণত॥