পৃষ্ঠা:নাম-মালিতা.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৪৫ )

যিটো মহা পাপী নৰে হৰে পৰ দাৰ।
সৰ্ব্বদায় পৰক কৰয় অপকাৰ॥
সিয়ো জনে হৰিনাম কীৰ্ত্তন কৰন্তে।
হোৱে শুদ্ধ সিটো সবে পাতকত হন্তে॥ ২২
হৰিনাম কীৰ্ত্তনক নেৰয় মুখত।
হোৱয় মুকুত সিটো সংসাৰ দুঃখত।
নাম মালিকাৰ পদ শুনা নিৰন্তৰ।
নামৰ মহিমা নানা বিধ পুৰাণৰ॥২২১॥
উচ্চ নীচ ৰূপে ফল কহিয়া আছয়।
নকৰিবা আত কিছু মনত সংশয়॥
শাস্ত্ৰ কৰ্ত্তা যত মহা মুণীন্দ্ৰ মহন্ত৷
হৰিৰ নামৰ নানা ফল কহিলন্ত॥ ২২২॥
নানা মত পাত্ৰ দেখি মনুষ্য লোকত।
তাৰ অনুৰূপে কৈলা নামৰ মহত॥
অবিদ্য। মোহিত নৰে হৰিক নভজে।
নানা ফল কামে নানা দেৱতাক যজে॥ ২২৩॥
কতোহো ধৰয় ফল কতোহো নধৰে।
কেৱলে গুণৰ কৰ্ম্মে বন্দী মাত্ৰ কৰে॥
সেহি ফল কামে যদি ভজয় কৃষ্ণক।
ফলো হোৱে সিদ্ধি সুখে তৰে সংসাৰক॥ ২২৪॥
নানাবিধ ঈশ্বৰৰ ভকতি আছয়।
তাতে শ্ৰেষ্ঠতৰ হৰিনাম আতিশয়॥