পৃষ্ঠা:নাম-মালিতা.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪৭)

সত্য যুগে কায় বাক্যে  মনক নিয়মি নৰে
 পাৰে ফল যেন ধ্যান কৰি।
ত্ৰেতা যুগে যেন ফল  পাৱয় মহন্ত সকে
 নানাবিধ যজ্ঞে যজি হৰি॥২২৯॥
নানাবিধ তন্ত্ৰে মন্ত্ৰে  ঈশ্বৰক পূজা কৰি
 পাৱে যেন ফল দ্বাপৰত।
সিসব সকলে ফল  পাৱে অনায়াসে নৰ
 কলিযুগে হৰি কীৰ্ত্তনত॥
কেৱলে দোষৰ নিধি  কলিযুগে তথাপিতো
 আছে এক মহাগুণ আত।
হৰিনাম কীৰ্ত্তনতে  সংসাৰ বন্ধত মুক্ত
 হুয়া পাৱে কৃষ্ণক সাক্ষাত॥২৩০॥
অপবিত্ৰ হৌক নৰ  পবিত্ৰ হোক বা যদি
 গৈয়া আছে সবে অবস্থাক।
যিজনে পুণ্ডৰীকাক্ষ  বোলয় পৰম শুদ্ধ
 বাহিৰে ভিতৰে কৰে তাক॥
মহৎ তপৰ ফল  হৰিৰ স্মৰণ মাত্ৰ
 পুণ্য সন্ততিৰ জন্মস্থান॥
জীৱনৰ স্বাদ ফল  হৰিৰ স্মৰণে নিষ্ঠ
 শান্ত্ৰত নিয়ম এহিমান॥২৩১॥
তপ পুণ্য জন্ম ফল  সমস্তৰে হৌক সিদ্ধি
 কৰিয়োক হৰিক স্মৰণ।