পৃষ্ঠা:নাম-মালিতা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( 88 )


আন চোৰে অনেক যতনে চুৰি কৰে।
নাৰায়ণ নামে স্মৰণতে পাপ হৰে॥২১৪॥
জানি নাৰায়ণ নাম নছাড়িবা মুখে।
পাপ ক্ষয় কৰি গতি লভিবাহা সুখে।
নামৰ মহিমা কোনে পাৰে বৰ্ণাইবাক।
কুৰ্ম্ম পুৰাণত যেন কহে শুনা তাক॥২১৫॥
কোটি এক কপিলা দ্বিজক কৰি দান।
তাত হন্তে পুণ্য নৰে পাৱে যত মান॥।
অজুতেক কন্যাদান কৰি পুণ্য যত।
পাৱে তাক নৰে মুখে হৰি কীৰ্ত্তনত॥২১৬॥
যিটো নৰ মহাত্মা পৰম ভক্তিভাৱে।
থিৰ চিত্তে গোবিন্দ নামক সদা গাৱে॥
সহস্ৰেক গুৰুৰ ভাৰ্য্যাৰ গমনত।
উপজিয়া আছে তাত মহাপাপ যত॥২১৭॥
সিসব পাপত হন্তে হোৱয় মোচন।
মহাশুদ্ধ হুয়া নেৰে গোবিন্দ কীৰ্ত্তন।
জানিবা নিশ্চয়ে ইটো পৃথিবী তলত॥
পৰম পাৱন কৰি তীৰ্থ আছে যত॥ ২১৮॥
কৃষ্ণ কীৰ্ত্তনত যেন পুণ্য উপজয়।
তীৰ্থ পুণ্যে তাক কদাচিতো তুল্য নয়॥
কৈলোঁ কুৰ্ম্ম পূৰাণত নাম মহিমাক।
মৎস্য পুৰাণত যেন কহে শুনা তাক॥২১৯