পৃষ্ঠা:নাম-মালিতা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৪৩ )


যাৰা সৱে কৰে তাঙ্ক কীৰ্ত্তন সততে।
যেন ফল পাবে তাঙ্ক শুনিয়ো বেকতে॥
যিটো হৰি মাৰি আছে মধু দানৱক।
যাইবেক নিশ্চয়ে তাপ তানে সদনক॥২০৯॥
পৰব্ৰহ্ম পুৰাণ পুৰুষ সৰ্ব্বেশ্বৰ।
অনাদি অনন্ত হৰি অজৰ অমৰ॥
যিটো মহাজন সবে ইটো পৃথিবীত।
একচিত্তে তাহাঙ্ক স্মৰন্ত নিতে নিত॥২১০॥
তেজে তাৰ সবক সংসাৰ মহা দুঃখে।
বিষ্ণুৰ অব্যয় পদ পাৱে মহা সুখে॥
যিসব মনুষ্য ৰাগ শূন্য শুদ্ধ চিত্ত।
বিচাৰত চতুৰ জানন্ত নিত্যানিত॥২১১॥
দেৱতাৰ গুৰু নাৰায়ণ ভগৱন্ত।
তাহাঙ্ক মনত ধৰি সদায় স্মৰন্ত॥
তাৰা সবে শুদ্ধ চিত্ত হোন্ত আতিশয়॥
ধৌত পাণ্ডুৰ পট ৰাজহংস নয়॥২১২॥
কি কহিবোঁ ভাগ্যৰ মহিমা তাসম্বাৰ।
সংসাৰ সাগৰ জলে সুখে হোৱে পাৱ॥
মহাজন সবে কথা কহে পৃথিবীত।
নাৰায়ণ নাম ইটো চোৰ বিপৰীত॥২১৩॥
অনেক জন্মৰ যত আছে পাপ মল।
স্মৰণ মাত্ৰকে তাক হৰয় সকল॥