পৃষ্ঠা:নাম-মালিতা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪২ )


স্কন্দ পুৰাণৰ কথা থৈলোহোঁ সাম্প্ৰত।
শুনা নাম মহিমা বামণ পুৰাণত॥২০৩॥
পূৰ্ব্ব জনমৰ পাপ সমূহ অনেক।
ব্যতি প্যতাদিতো দোষ হোৱয় যতেক॥
আনো দুৰ্ণীতিত হন্তে যত উপচয়।
আনো নানা বিধ দোষ যতেক আছয়॥ ২০৪॥
পুৰুষৰ উপদ্ৰৱ আছে যতমান।
বিষ্ণু নাম কীৰ্ত্তনত হোৱয় নিৰ্জ্জান॥
অশ্বমেধ আদি যজ্ঞে যজি যেন মত।
সেহি মতে নৰমেধে যজি পাৱে যত॥২০৫॥
দুতয় অক্ষৰ হৰি নামক উচ্চৰি।
সিসব সকলে পাৱে জানা নিষ্ট কৰি॥
যত পুণ্য সহস্ৰেক কোটি তীৰ্থ স্নানে।
যত পুণ্য পাৱে শত কোটি মহাদানে॥ ২০৬॥
বিষ্ণু নাম কীৰ্ত্তন কৰন্তে নিৰন্তৰে।
সিসব সমস্তে পুণ্য পাৱে সিটো নৰে॥
মহাবৰ দাতা কৃষ্ণদেৱ মহেশৰ।
যাহাৰ নাভিত পদ্ম ভৈল শ্ৰেষ্ঠতৰ॥২০৭॥
শঙ্খ চক্ৰ গদা পদ্ম ধৰিয়া সাক্ষাতে।
শৰ চাপ খৰ্গ প্ৰকাশয় যাৰ হাতে॥
লক্ষ্মীৰ বদন পদ্ম অতি শ্ৰেষ্ঠতৰ।
তাৰ মধু পানে যিটো সাক্ষাতে ভ্ৰমৰ॥২০৮॥