পৃষ্ঠা:নাম-মালিতা.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪১ )

ব্ৰহ্মৰূপ কেৱলে আপুনি মহেশ্বৰ।
তেন্তো হৰি ভকতি কৰন্ত নিৰন্তৰ॥
হেন হৰি ভকতি নকৰি মূঢ় নৰে।
নজানোহোঁ কিমতে যাতনা দুঃখ তৰে॥১৯৮॥
শুনিয়ো মহিমা আৱে ৰূদ্ৰৰ নামৰ।
কীৰ্ত্তন কৰিয়া যেন ফল পাৱে নৰ॥
ধেনু সহস্ৰেক নৰে কৰিয়া প্ৰদান।
অশ্বমেধ শতেক কৰিয়া বিদ্যমান॥১৯৯॥
আত হন্তে পুণ্য নৰে পাৱে যত যত।
অনায়াসে পাৱে তাক ৰূদ্ৰ কীৰ্ত্তনত॥
যজ্ঞৰাজ অশ্বমেধ যজ্ঞৰ শেষত।
কৰি স্নান অবভূত তীৰ্থৰ জলত॥২০০॥
ব্ৰহ্ম বধি জনো হোৱে মুকুত যিমতে।
ৰুদ্ৰ নাম কীৰ্ত্তন কৰিয়া সেহিমতে॥
কিন্তু তাত কৰি আত ফলত অধিক।
পাৱে অনায়াসে গৈয়া অক্ষয় গতিক॥২০১॥
পাপ কৰি অনুতাপ উপজিল যাৰ।
একে ৰূদ্ৰ নামে মোক্ষ প্ৰায়শ্চিত্ত তাৰ।
ইহাক জানিয়া ৰূদ্ৰ নাম যিটো জন॥
কৰে অহৰ্নিশে মনে সম্যকে স্মৰণ॥২০২॥
হোৱে শুদ্ধ কৰি ক্ষীণ নিশেষ পাপক।
কদাচিতো সিটো আৰু নষায় নৰকক॥