পৃষ্ঠা:নাম-মালিতা.djvu/৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( 8০ )

পৃথিবী তলত যত মনুষ্য হোৱয়।
কোনো পুৰুষৰ নাম গোবিন্দ থৱয়॥১৯২॥
গোবিন্দ বুলিয়া যিটো তাৰে নাম লয়।
তেকতে তাৰো পাপ বিনাশ কৰয়॥
বাসুদেৱ ঈশ্বৰক নিচিন্তে মনত।
আত পৰে মহা হানি নাহি জগতত॥১৯৩॥
উপসৰ্গ পীড়া আত পৰে নাহি আন।
ইহাকেসে বুলি মহা অভাগ্য প্ৰধান॥
ধ্ৰুবৰ বচনে দেখাইলোঁহো বিদ্যমান।
জানি বাসুদেৱক কৰিয়ো মনে ধ্যান॥ ১৯৪॥
সেহি স্কন্দ পুৰাণত কাশি মাহাত্ম্যত।
শুনিয়োক হৰে আচৰন্ত যেন মত॥
বাৰাণসী নিবাসী জটিল মহেশ্বৰ।
পন্থে পন্থে আনন্দে ভ্ৰমন্ত নিৰন্তৰ॥১৯৫॥
মহাজন সবে হৰি কীৰ্ত্তন কৰন্ত।
কৰ্ণাঞ্জলি ভৰি তাক সন্তোষে শুনন্ত॥
পৰম তাৰক ব্ৰহ্মৰূপ মনে ধৰি।
নিৰ্ভৰ আনন্দে সদা ফুৰে ধ্যান কৰি॥১৯৬॥
প্ৰকৃতিৰ বিকাৰ যতেক প্ৰাণীগণ।
মিলে যিকালত কাশী থানত মৰণ॥
তাৰ কৰ্ণ মূলত জপন্ত ৰাম নাম।
দেন্ত জ্ঞান আপনি জানিবি এঞি ৰাম॥১৯৭॥