পৃষ্ঠা:নাম-মালিতা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৯ )


এহিমতে ওষ্ঠ পুটে সুৰস কৰয়।
হৰিনামে নিৰন্তৰে পাতক দহয়॥
অগনিৰ ফুলিঙ্গ জ্বলয় যেন মত।
সহিমতে হৰিনাম জ্বলে হৃদয়ত॥১৮৭॥
যত যত আছে মহা মহা পাপ ৰাশি।
হৰিনাম বহ্নি তাক পেহ্লাৱে বিনাশি॥
প্ৰচণ্ড অগনি যেন দহে তৃণ বন।
সেহিমতে হৰিনামে দহি কৰে ছন্ন॥১৮৮॥
মুণীন্দ্ৰ সবৰ বন্দ্য যতেক আছয়।
তাসম্বাৰ বন্দ্য হৰি যানিবা নিশ্চয়।
হৰ হৰ হৰ শব্দ শুনন্তে সন্তোষ।
যেন আকাশত মহা মেঘে কৰে ঘোষ॥ ১৮৯॥
বাৰে বাৰে হৰ নাম সুমৰি আদিত।
শিবায় নমঃ পদ সমস্তৰে হিত।
দুগুটি অক্ষৰ হৰি নাম মনোহৰ।
এবাৰ মাত্ৰ উচ্চৰিলে যিগে নৰ॥।১৯০॥
এতেকতে মুকুতি পদক যাইবে প্ৰতি।
ভৈল কাচপাৰ আতি সিটো মহামতি॥
অযুত সহস্ৰ ব্ৰক্ষ হত্যা যদি কৰে।
কোটি এক [১] গুৰ্ব্বজনা পাতক আচৰে॥১৯১॥
ব্ৰাহ্মণৰ অসংখ্যাত সুৱৰ্ণ হৰয়।
গোবিন্দৰ নামে সদ্য বিনাশ কৰয়॥


  1. গুৰ্ব্বজনা—গুৰু—অঞ্জনা—গুৰুৰ ভাৰ্য্যা