পৃষ্ঠা:নাম-মালিতা.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

বসিয়া থাকন্তে নুহি পথত ভ্ৰমন্তে॥
নিদ্ৰাত থাকন্তে কথা শ্ৰৱণ কৰন্তে॥১৬৫॥
বচন বোলম্ভে কোনো বস্তু সুমৰন্তে।
আনো সব যত মহা কাৰ্য্যক কৰন্তে॥
এহি নানা সময়ত যদি কোনজন।
হেনয় বিষ্ণুৰ কৰে নামক কীৰ্ত্তন॥১৬৬॥
মনোহৰ ৰূপ ধৰি জানিবা নাৰদ।
ভকতি যুগুত হুয়া পাৱে পৰম্পদ॥
বিষ্ণুৰ নামক কৰি হেলায় কীৰ্ত্তন।
পৰম পদক পাৰে যেই সেইজন॥১৬৭॥
মহাভক্তি ভাৱে যিটো কৃষ্ণ নাম গাৱে।
তাহাৰ মহিমা কহি কোনে অন্ত পাৱে॥
এহি মানে থৈলোঁ কথা ব্ৰহ্ম বৈবৰ্ত্তক।
স্কন্দ পুৰাণত শুনা মহিমা নামৰ॥১৬৮॥
শুনিয়ো নাৰদ তুমি মোহোৰ বচন॥
ভক্তিভাৱে গোবিন্দ উচ্চৰে যিটো জন॥
ভকতি বৰ্জিত হুই যদি কোনো নৰে।
গোবিন্দ গোবিন্দ বুলি মুখত সুমৰে॥১৬৯॥
পুৰুষৰ পাপ যত দহি কৰে ছন্ন।
যুগান্তৰ বহ্নি যেন দহি ত্ৰিভুবন॥
জন্মান্তৰ সহস্ৰৰ যত পাপ হয়।
কোটি জন্মান্তৰে যত কৰিয়া আছয়॥ ১৭০॥