পৃষ্ঠা:নাম-মালিতা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩৬)

জানিবাহা নাৰদ গোবিন্দ কীৰ্ত্তনত।
শতধা প্ৰকাৰে পাপ সবে হৱে হত॥
যতেক পাতক সিজে অভক্ষ ভোজনে।
উপজয় পাপ যত অগম্য গমনে॥১৭১॥
গোবিন্দ কীৰ্ত্তনে পাপ সবে নষ্ট হয়।
নকৰিবা কিছু আত মনত সংশয়॥
ব্ৰাহ্মণৰ সুৱৰ্ণক যিটো চুৰি কৰে।
যিটো দ্বিজে মহাপাপ সুৰা পান কৰে॥১৭২॥
যত পাপ সিজে গুৰু দাৰা গমনত।
গোবিন্দ কীৰ্ত্তনে সত্যে সবে হোৱে হত॥
ঘোৰ কলিযুগে পাপ উপজয় যত।
তাৱতে সে থাকে জানা ইটো শৰীৰত॥১৭৩॥
গোবিন্দ কীৰ্ত্তন নৰে নকৰে যাৱত।
উচ্চৰন্তে গোবিন্দ হৰিতে হোৱে হত॥
তপ জপ যজ্ঞ আনো নানান কৰ্ম্মত।
ন্যূনাধিক ছিদ্ৰ তাত হোৱে যত বত॥১৭৪॥
অচ্যুতৰ নাম চয় কৰত কীৰ্ত্তন।
ন্যুন গুচি হোৱে সদ্যে সমস্তে পুৰণ॥
কৰ্ম্মৰ বিঘিনি নষ্ট কৰে নামে বাৰ
অচ্যুতৰ হেন পদে কৰোঁ নমস্কাৰ॥১৭৫॥
যাৰ নাম গুণচয় স্মৰণ মাত্ৰত।
হোৱে মুক্ত দুৰ্ঘোৰ সংসাৰ বন্ধনত॥