পৃষ্ঠা:নাম-মালিতা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৪ )


মনুষ্য শৰীৰ সিটো পাইলে আসি কিক।
নিষ্ফল জীৱন তাৰ আছে ধিক ধিক॥
সমস্তে ভূতক যদি হানিয়া মাৰয়।
হাতে অস্ত্ৰ ধৰি সবে কাটিয়া ফুৰয়॥ ১৬০॥
অন্যায় পূৰ্ব্বকে যিটো ভোজন কৰয়।
আনো সব পাতক যদ্যপি আচৰয়॥
এক শিৱ নাম যিটো স্মৰে একবাৰ।
সমস্তে পাতকে তাক কৰে পৰিহাৰ॥ ১৬১॥
দেখা শিৱ নামৰ মহিমা অদভূত।
একবাৰ স্মৰি হোৱে পাপত মুকুত॥
ৰূদ্ৰক সুমৰি নৰে অৰূদ্ৰ নহয়।
নুহিকে অৰুদ্ৰ যিটো ৰূদ্ৰক অৰ্চ্চয়॥১৬২॥
ৰূদ্ৰৰ নামক যিটো কৰয় কীৰ্ত্তন।
পুনৰপি অৰূদ্ৰ নুহিকে সিটো জন॥
পাইলেক ৰূদ্ৰক যিটো জন মহাশয়
পুনৰপি সিটো আৰ অৰূদ্ৰ নোহয়॥ ১৬৩॥
কহিলেহোঁ ফল যেন ৰূদ্ৰ কীৰ্ত্তনৰ।
শুনিয়োক কল আবে কৃষ্ণৰ নামৰ॥
ব্ৰহ্ম শিৱ সম্বাদত নাৰদক প্ৰতি।
পৰম ঈশ্বৰ শ্ৰীৰূদ্ৰ নিগদতি॥ ১৬৪॥
শুনিয়ো নাৰদ কহোঁ স্বৰূপ তোমাত।
কৃষ্ণৰ নামৰ যেন মহিমা সাক্ষাত॥