পৃষ্ঠা:নাম-মালিতা.djvu/৩৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

শত সহস্ৰেক ৰূপে হোৱে মষিমূৰ
বজ্ৰপাতে যেন পৰ্ব্বতক কৰে চুৰ॥ ১৫৪॥
কহিলোঁ সামান্য ফল নাম কীৰ্ত্তনৰ
প্ৰায়শ্চিত্ত কামে নাম লৱে যিটো নৰ॥
সিটো নাম কীৰ্ত্তনৰ শুনিয়ো মহত।
কহিয়া আছন্ত যেন ব্ৰহ্মবৈবৰ্ত্তত॥ ১৫৫॥
উত্তম দ্বিজক যিটো হানিয়া মাৰয়।
কামনা পূৰ্ব্বকে সুৰা পানক কৰয়॥
কৃষ্ণ কৃষ্ণ অহোৰত্ৰ কীৰ্ত্তন কৰন্তে।
হোৱে শুদ্ধ সিটো মহাপাতকত হন্তে॥ ১৫৩॥
বিশ্বাস ঘাতক পাপ যি জন আচৰে।
যিটো নৰাধমে ব্ৰাহ্মণক নিন্দা কৰে॥
কৰন্তে কীৰ্ত্তন আতি হৰিৰ নামক।
পাপে পৰাভৱ নকৰয় সিজনক॥ ১৫৭॥
কহি আছে আৰু যেন লিঙ্গ পুৰাণত।
তাক কিছু কহোঁ আৱে শুনিয়ো সাম্প্ৰত॥
সেহিসে পৰম হানি জানো পুৰুষৰ।
তাকেসে বুলিয় মহা ছিদ্ৰ নিৰন্তৰ॥ ১৫৮॥
সেহিসে পৰম অতি মোহ বিপৰীত
তাত পৰে বিভ্ৰম নাহিকে পৃথিবীত।
একক্ষণ মানেবা মুহুৰ্ত্ত সময়ত॥
এক শিৱ ঈশ্বৰক নিচিন্তে মনত॥১৫৯॥