পৃষ্ঠা:নাম-মালিতা.djvu/৩৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)

কায় বাক্য মনৰ মোহোৰ পাপ যত।
সদ্যে হৌক বিনাশ অচ্যুত কীৰ্ত্তনত॥
এহিমানে থৈলে ইটো পুষ্কৰ বচন।
পুনৰুপি আৰু শুনিযোক মহাজন॥ ১৪৯॥
কহি আছা যিমত ভবিষ্য পুৰাণত॥
নামৰ মহিমা তাক কৰোহো বেকত।
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য যত শূদ্ৰ চয।
স্ত্ৰী অন্ত্য জাতি আনো অনেক আছয়॥ ১৫০॥
নাহি বৰ্ণাশ্ৰম আত নিয়ম বিছাৰ।
হৰি নাম কীৰ্ত্তনে সবাৰো অধিকাৰ॥
যৈতে তৈতে আপোন ইচ্ছাই থাকি সুখে।
বিষ্ণু নাম কীৰ্ত্তন কৰন্ত মাত্ৰ মুখে}॥ ১৫১॥
নিশেষ পাতক হন্তে মুকুত হোৱয়।
সনাতন ব্ৰহ্ম গৈয়া সমস্তে পাৰয়॥
পৰম পবিত্ৰ জাতি ব্ৰাহ্মণ মহন্ত।
অপবিত্ৰ আতি অন্ত্য জাতি অপৰ্য্যন্ত॥ ১৫২॥
উত্তম জাতিয়ো মহা পাতক আচৰি।
সমস্তে অৱস্থা গৈয়া আছে অনুসৰি॥
ইসবৰ মাজে যিটো ঈশ্বৰক স্মৰে।
পাপত লেপিত আৰ নোহে সিটো নৰে॥ ১৫৩॥
দেখিয়ো মহিমা কেন কৃষ্ণ স্মৰণৰ।
মনুষ্যৰ আছে যত পাতক পঞ্জৰ॥