পৃষ্ঠা:নাম-মালিতা.djvu/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

আক আদি কৰি আৰু নানা সময়ত।
কায় বাক্য মনে পাপ কৰি আছো যত॥ ১৪৩॥
কৰি আছো পাপ অল্প স্থূল বিপৰিত।
তাৰ ফলে ফুৰিবে লাগিবে কুযোনিত॥
দাৰুণ নৰক দুঃখ ভুঞ্জিবে অপাৰ।
তাক সুমৰন্তে ভয় লাগয় আহ্মাৰ॥ ১৪৪॥
সিসব পাপত হন্তে ৰাখিয়োক মোক।
বাসুদেৱ কীত্তনত সবে নষ্ট হৌক॥
সুমৰো তোহ্মাৰ প্ৰভূ পৰম্ব্ৰহ্ম নাম।
তুমিসে কেৱলে ইটো জগতৰে ধাম॥ ১৪৫॥
পৰম পবিত্ৰ তযু নাম গুণ যত।
আক সবে বৰ্ণাইবাক নুহিকো শকত॥
আহ্মাৰ যতেক আছে মহা পাপগণ।
নাশ হৌক বিষ্ণু নাম কৰন্তে কীৰ্ত্তন॥ ১৪৬॥
ইটো পুষ্কৰৰ স্তুতি কৰি সমাপত।
পুনৰপি শুনা সেহি অগ্নিপুৰাণত॥
বিষ্ণু পঞ্জৰত বাক্য পুষ্কৰে বোলন্ত।
ঈশ্বৰৰ দ্বিতয় ৰূপক বৰ্ণায়ন্ত॥ ১৪৭॥
যিমত পৰম ব্ৰহ্ম হৰি সেহিমত।
অব্যক্ত স্বৰূপে যিটো আছা জগতত॥
তেহেন্তে কেশৱ মহা মূৰ্ত্তি মনোহৰ।
মূৰ্ত্ত অমূৰ্ত্তৰ কিছু নাহিকে অন্তৰ॥ ১৪৯॥